অষ্টম শ্ৰেণীৰ বিজ্ঞান। Science Class 8অধ্যায় : ২ অনুজীৱ : মিত্ৰ আৰু শত্ৰু
১) খালী ঠাই পূৰ কৰা -
ক) অনুজীৱবোৰ অনুবীক্ষন যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।
খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ'জেন গ্ৰহন কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
গ) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
ঘ) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়।
২) শুদ্ধ উত্তৰত '✓' চিন দিয়া।
ক) চেনি /সুৰা / হাইড্ৰ'ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
উত্তৰঃ সুৰা।
খ) ছ'ডিয়াম বাইকাৰ্বনেট / ষ্ট্ৰেপ্ট'মাইছিন / সুৰা / ইষ্ট এবিধ এণ্টিবায়'টিক।
উত্তৰঃ ষ্ট্ৰেপ্ট'মাইছিল।
গ) মাইকী এন'ফলিছ মহ / পইতাচোৰা / মাখি / পখিলা / মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জ'ৱাৰ বাহক।
উত্তৰঃ মাইকী এন'ফিলিছ মহ।
ঘ) পৰুৱা / মাখি / জিঞা / মকৰা / সংক্ৰামক ৰোগৰ বাহক।
উত্তৰঃ মাখি।
ঙ) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।
উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি।
চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন যৌগীকৰণ / সাঁচ / কিণ্বন / সংক্ৰমণ বোলা হয়।
উত্তৰঃ কিণ্বন।
৩) 'A' অংশত থকা অনুজীৱ বোৰক 'B' অংশৰ ক্ৰিয়াৰ লগত মিলোৱা -
৪) অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?
উত্তৰ: অণুজীৱসমূহ খালী চকুৰে দেখা পোৱা নাযায় কিয়নো এইবোৰ অতি ক্ষুদ্ৰাকৃতিৰ হয়।
অণুজীৱবোৰক অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিহে দেখা পাব পাৰি। কিছুমানক আতছী কাচেৰে দেখা পোৱা যায়।
৫) অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰ: অণুজীৱৰ ৪টা ভাগত ভাগ কৰা হৈছে -
১) বেক্টেৰিয়া ,
২) ভেঁকুৰ ,
৩) প্ৰট'জ'ৱা , আৰু
৪) শেলাই।
৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা।
উত্তৰ: ৰাইজ'বিয়াম আৰু নীল সেউজ শেলাই।
৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ৫ শাৰী লিখা।
উত্তৰ: অণুজীৱৰ উপকাৰিতাঃ-
(i) বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অণুজীৱই পচন ঘটাই সাৰৰ সৃষ্টি কৰে।
(ii) বায়ুমণ্ডলৰ নাইট্ৰ'জেন যৌগিকৰণ কৰি মাটিত নাইট্ৰ'জেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে।
(iii) বিভিন্ন বেমাৰৰ এণ্টিবায়'টিক প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।
(iv) সুৰা ,মদ , ভিনেগাৰ আদিৰ উৎপাদনতো বহুতো অনুজীৱৰ ব্যৱহাৰ হয়।
(v) প্ৰতিষেধক ছিটা প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।
৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অণুজীৱসমূহে বিভিন্ন ধৰণে অনিষ্ট সাধন কৰিব পাৰে। কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে। ৰোগকাৰী অণুজীৱসমূহ উশাহ, খোৱা পানী অথবা খাদ্যৰ সৈতে দেহত প্ৰৱেশ কৰে আৰু আক্ৰান্ত লোকৰ পৰা বেলেগলৈ সংক্ৰমিত হয়। মানুহৰ আৰু গৰুৰ এনথ্ৰাক্সৰ দৰে বেমাৰো অণুজীৱৰ ক্ৰিয়াৰ ফলতে হয়। অণুজীৱই খাদ্যত বিষক্ৰিয়াও ঘটাব পাৰে।ইয়াৰোপৰি ধান, ঘেঁহু, আলু, আপেল আদি উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হৈছে অনুজীৱ।
৯) এন্টিবায়'টিক কি? এন্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা ল'ব লাগে?
উত্তৰ: যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধবংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায়, তেনে ঔষধক এন্টিবায়'টিক বোলে।
এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে । এন্টিবায়'টিক কেৱল অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক'ৰ্ছ শেষ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে এন্টিবায়'টিক গ্ৰহণ কৰিলে শৰীৰৰ উপকাৰী অণুজীৱবোৰৰ মৃত্যু হয় যিটো স্বাস্থ্যৰ বাবে হানিকাৰক।
ধন্যবাদেৰে
টীম জ্ঞানাংকুৰ
0 Comments