বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

 সমাজ বিজ্ঞান / দশম শ্ৰেণী / ইতিহাস
প্ৰথম অধ্যায়
বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত।

২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৩) বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল ǀ

৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ ভূপেন্দ্ৰ নাথ দত্ত ǀ

৫) বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯০৬ চনৰ ১১ মাৰ্চ ǀ

৬)‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰঃ আচাৰ্য প্ৰফুল্ল ৰায় (২৫ জুলাই, ১৯০৬) ǀ

৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল ǀ

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰঃ ১৯১১ চনৰ ১২ ডিচেম্বৰত ǀ

চমু উত্তৰৰ প্ৰশ্নঃ
১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ǀ
উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী ǀ

২) বংগবিভাজনৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ǀ
উত্তৰঃ লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা আৰু ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী সকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰা।

৩) বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ।
উত্তৰঃ ১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত এই পৰিকল্পনা চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই জনসংগ্ৰামত জপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হৈছিল ǀ

৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা ǀ

উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ বংগদেশত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰতো পৰিছিল ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কা্ৰলাইলে (R W Carlyle) য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল ǀ এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু  ছাত্ৰসকলে শ্ৰেণী ত্যাগ কৰিছিল।
ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত (৪নৱেম্বৰ, ১৯০৫) ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’(Anti circular society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ এইয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰা প্ৰথম ঘটনা।
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ǀ
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত The Dawn কাকত খনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ǀ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাগি The Dawn Society  নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪) আৰু কাৰ্লাইল জাননীৰ (১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল ǀ সেইবোৰ হৈছে –
     ∆ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট,১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
    ∆ জাতীয় বিদ্যালয়,ৰংপুৰ(৮ নৱেম্বৰ,১৯০৫চন)
    ∆ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
    ∆ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
    ∆ Banga Technical Institute ( পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ǀ

৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশৰ কেনেদৰে হৈছিল ?
উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ত আত্মশক্তি  বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প- কাৰখানবোৰ গঢ়ি তোলাৰ অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀ স্বদেশী পণ্যৰ চাহিদা বৃদ্ধিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্পৰ আৰু কেইবাটাও বাঘৰ শিল্প প্ৰতিস্থান গঢ়ি উঠিছিল।
সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাঁত শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনী, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀ নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল ( ১ আগষ্ট,১৯০৬) আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ (২৫ জুলাই,১৯০৬) লগতে জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল ǀ ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ

৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে  কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা  সহযোগিতাৰ আশা কৰিছিল ǀ লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি,পদক আৰু পদ প্ৰদান কৰিছিল ǀ
কংগ্ৰেছৰ উদাৰপন্থী সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল ǀ
তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে- সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্হিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল ।
বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি,পদ,পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুদ উপাধি চৰকাৰক ঘূৰাই দিছিল ।

৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা
উত্তৰঃ- স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলন বংগত হৈছিল যদিও ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰততে পৰিলক্ষিত হৈছিল। এই  আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, শিল্প আদি সকলো দিশতে সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলাফল তলত উল্লেখ কৰা হ'ল:
ক) জাতীয় সাহিত্য :
স্বদেশানুভুতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি।
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত 'বেংগলী', কৃষ্ণকুমাৰ মিত্ৰৰ 'সঞ্জীৱনী', অৰবিন্দ ঘোষৰ 'বন্দে মাতৰম ' আদি সংবাদপত্ৰ আৰু আলোচনীত প্ৰকাশিত জাতীয়বাদী লেখা সমূহে বংগ ভংগৰ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল।
খ) জাতীয় শিক্ষা:
স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ বংগদেশত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰতো পৰিছিল । ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কা্ৰলাইলে (R W Carlyle) য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল । এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু  ছাত্ৰসকলে শ্ৰেণী ত্যাগ কৰিছিল।
ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত (৪নৱেম্বৰ, ১৯০৫) ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’(Anti circular society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ এইয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰা প্ৰথম ঘটনা।
গ) স্বদেশী শিল্প উদ্যোগ:
স্বদেশী আন্দোলনৰ সময়ত আত্মশক্তি  বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প- কাৰখানবোৰ গঢ়ি তোলাৰ অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল । স্বদেশী পণ্যৰ চাহিদা বৃদ্ধিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্পৰ আৰু কেইবাটাও বাঘৰ শিল্প প্ৰতিস্থান গঢ়ি উঠিছিল।
সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাঁত শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনী, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ।
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল । নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল( ১ আগষ্ট,১৯০৬) আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ(২৫ জুলাই,১৯০৬) লগতে জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল । ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল । এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল।

৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ।
উত্তৰঃ- স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে -

১) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় । দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত , সেই কথা ভাৰতীয়‌ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিছিল।
২) লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰা ---" শাসন আৰু শোষণ একেলগে চলাই যোৱা হৱ।" --এই সাম্ৰাজ্যবাদী শাসকৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পত্ৰ বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্পৰ গঢ়ি তুলি ভাৰতৰ অৰ্থনীতি বিকাশ কৰা।

৩) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল । স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

চমু টোকা লিখাঃ

(১) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল ভাৰতবৰ্ষৰ সাহিত্য সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে । ৰবীন্দ্ৰ নাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয় ভূমিকা পালন কৰিছিল।
১৯০৫ চনৰ ৪ নৱেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰ সভাত  'এণ্টি-চাৰ্কুলাৰ ছ'ছাইটি ' গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইয়া আছিল চৰকাৰৰ আদেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা।
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক  আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয় । ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয় ।যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে..ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ।‘জণ-গণ-মন অধিনায়ক’ শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ ।কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল ।
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ।তাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘স্বদেশী ভাণ্ডাৰ’ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল ।

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা ):
নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টি ত প্ৰচুৰ বৰঙণি যোগোৱা এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। ভগিনী নিবেদিতাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল । তেওঁ  জন্ম  হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত  । ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হবলৈ আহ্বান জনাইছিল ।

(৩) নবাব ছলিমউল্লা:
    ১৯০৬ চনত ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নৱাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই লগলাগি ‘সৰ্বভাৰতীয় মুছলীম লীগ’ গঠন কৰিছিল । ‘মুছলীম লীগ’গঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ আনুগত্যৰ প্ৰসাৰ ঘটোৱা।  মুছলমান ৰাইজৰ মনৰ পৰা  ভয়,শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱৰ অন্ত পেলায় একতাৰ গঢ়ি তোলা আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায়ে সচেতন হব লাগিব ।।

ধন্যবাদেৰে
টীম জ্ঞানাংকুৰ

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();