কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি

কবি: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।।




বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?

তুমি সাৰে আছা সাৰে আছো আমি

আৰু সাৰে আছে প্ৰীতি।


বিহুৰ তলিত চিফুং বাহীৰ কৰুণ সুৰ,

বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে

জনতাৰ চকু,চকুৰ পানীৰে পুৰ,

মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায় ,

বিষ্ণু ৰাভা নাই!!


নিজান চেলত, তুমি সাৰে আছা,

সাৰে আছে ক্ৰড় ইটাৰ দেৱাল,

বন্দি তোমাৰ কণ্ঠৰ সুৰ,নাচোনৰ লয়লাস।

তুমি সাৰে আছা, সাৰে আছে আৰুজাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি?

______________________________________

বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনী

   বিষ্ণুপ্ৰসাদ ৰাভা (৩১ জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। তেখেত জীৱনকালতে এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল।কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল। 




জন্ম:

১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি এতিয়াৰ বাংলাদেশৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা।

মাতৃৰ নাম আছিল গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল।


শিক্ষা:

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে।


কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল’ কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।


সাংস্কৃতিক জীৱন 

ৰাভা সংগীত 

ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ সন্নিবিষ্ট হৈছে। গীতসমূহত প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱীভাৱ আদি ভিন্ন ধৰণৰ বিষয়বস্তুৰ। কিছু সংখ্যক শিশু উপযোগী গীত আছে। ৰাভাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে-


*মোৰ কবিতাৰ ছন্দ লাগি

*পৰজনমৰ শুভলগনত

*লগন উকলি গ'ল

*টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে

*নাহৰ ফুলে নুশুৱাই

*এয়ে মোৰ শেষ গান

*বল বল বল কৃষক শক্তি দল

*সুৰৰে দেউলৰে ৰূপৰে শিকলি

*বিশ্বৰ ছন্দে ছন্দে

*আজি মন্দিৰ দুৱাৰ খোলা

*তেজৰ বোলেৰ লিখি যাম ইতিহাস

*হে বিপ্লবী বীৰ অধিনায়ক হে

*মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

*আজলী ছোৱালী নানা ফুল তুলি

*বিলতে হালিছে ধুনীয়া পদুমী

*অ’ গুৰু মোৰ শংকৰ তৰিবৰ কিনো উপায়

*নিছলা আইৰে আমি খাটি অসমীয়া

*কাষতে কলচি লৈ

*সখি হে কি কমে দুখৰে কথা

*উটি যা ৰূপালী নাও

*অ’ অসমীয়া ডেকা দল ইত্যাদি।


উল্লেখনীয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক কাৰেঙৰ লিগিৰীত ৰাভাদেৱে 'মোৰে জীৱনৰে সখা কৃষ্ণ' শীৰ্ষক গীতটি প্ৰাণ ঢালি গাইছিল। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত।


নৃত্য শিল্পী ৰাভা

১৯২৮ চনত কলিকতাত পঢ়ি থকা কালত ৰাচিয়াৰ বিখ্যাত বেলে নৰ্তকী আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল। নৃত্য কলা সম্পৰ্কে তেওঁ দিয়া উপদেশৰ পৰা প্ৰভাৱান্বিত হৈছিল। কলেজ এৰাৰ পাছত তেওঁ কিছুদিন বৰপেটাত আছিল। তাতে তেওঁ সত্ৰীয়া নৃত্যশৈলী আয়ত্ত কৰে। ১৯৩১ চনত চনৰ জানুৱাৰী মাহত তেজপুৰৰ বান ৰংগমঞ্চত মনিপুৰী নৃত্য প্ৰদৰ্শন কৰিছিল। ৰাভায়ো তেওঁলোকৰ লগত হৰ-গৌৰী নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰে। অসমৰ জনজাতীয় নৃত্যৰ পৰা আৰম্ভ কৰি দাক্ষিণাত্যৰ বিভিন্ন প্ৰাচীন নৃত্য মূৰ্তিৰ ভগ্নাৱশেষলৈকে অধ্যয়ন কৰি নৃৃত্যৰ বিভিন্ন মুদ্ৰা আৰু শৈলী সংগ্ৰহ কৰিছিল। এইবোৰৰ স্কেছ আদিও আঁকে।১৯৪০ চনত ‘প্ৰাচীন কামৰূপী নৃত্য সংঘ’ লগত জড়িত হৈ বিভিন্ন ঠাইৰ লগতে শ্বিলঙত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে। ১৯৪১ চনত ৰোহিণী বৰুৱাৰ মনোমতী বোলছবিত নৃত্য পৰিচালক ৰূপে কাম কৰে৷ 




নাটক আৰু বোলছবিত অভিনয়

অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত। ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। নাটকখনৰ নাম আছিল হৰিশ্চন্দ্ৰ। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ। জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেইবাটাও বিষয়ত সহায় কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'কাৰেঙৰ লিগিৰী" নাট পৰিচালনা কৰোঁতেও ৰাভাই সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু 'সুদৰ্শন' চৰিত্ৰত অভিনয়ো কৰিছিল। ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ। ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুংকা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিয়েমৰ ভাও দিছিল৷


চিত্ৰশিল্পী ৰাভা 

বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত ১৯ খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈছে৷ ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল৷ এখন ১৯৩৫ চনত, এখন ১৯৪০ চনত আৰু আনখন আঁকিছিল ১৯৪৫ চনত৷ ইয়াৰে !১৯৪০ চনত অংকিত ছবিখন বেছি সমাদৃত৷ শংকৰ-মাধৱৰ যুগল ছবিখন ১৯৩৫ চনত অঁকা৷ ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে- চিত্ৰলেখা (১৯৩৫), নটৰাজ (১৯৩৭), স্নান ( ১৯৩৩), শকুন্তলা (১৯৩৯), গৰমৰ দিনৰ তিৰোতা (১৯৪০), বড়োসকলৰ বিবাহ সমদল (১৯৪৪), ভূমিকম্প (১৯৫০), গাঁৱৰ প্ৰাকৃতিক দৃশ্য (১৯৬৫) আদি। ‘বাঁহী’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল।


সাহিত্য ৰচনা 

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ ’বৃহত্তৰ অসমৰ পৰিকল্পনা’ নামৰ এলানি প্ৰবন্ধ ১৯৩০ চনৰ পৰা একেলেঠাৰিয়ে ’বাঁহী’ত প্ৰকাশ পাইছিল। তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:


প্ৰবন্ধ

*অসমীয়া কৃষ্টিৰ চমু আভাস

*অতীত অসম

*মুক্তি দেউল

*ন পৃথিৱীৰ নতুন যুগ

*বড়ো জাতিৰ ইতিহাস

*ৰাভা জাতিৰ ইতিবৃত্ত

*বোঁৱতী সুতি

*অসমীয়া কৃষ্টি

*জনজাতীয় সংস্কৃতিত শিৱ

*আলি-য়াই-লিগাং

*দিমাছা কছাৰীৰ বুৰঞ্জী

*বানে কেবাং


উপন্যাস

*সোণপাহি

*মিচিং কনেং

*জীৱন লালসা


নাটক

*গেঙনি ৰেঙনি (নাটক)


গল্পসমূহ

*মামীৰ হাৰ

*কুৰি বছৰ জেইল

*জাল কেছ

*হিয়াৰ পুং

*জাল কেছ

*হিয়াৰ পুং

*ফুংকা (বড়ো ভাষাত ৰচিত)


মৃত্যু 

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।


Please visit our YouTube channel

Jnaanangkur the learning hub

#jnaanangkur


ধন্যবাদেৰে

টীম জ্ঞানাংকুৰ

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();