বিজ্ঞান অষ্টম শ্ৰেণী । প্ৰথম অধ্যায়। শস্য উৎপাদন আৰু ব্যৱস্থাপনা

বিজ্ঞান অষ্টম শ্ৰেণী । প্ৰথম অধ্যায়। শস্য উৎপাদন আৰু ব্যৱস্থাপনা । 


 ১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা।

ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা

ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।

খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয়।

গ) নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।

ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন।


২) 'ক' স্তম্ভৰ লগত 'খ' স্তম্ভ মিলোৱা।

i) খাৰিফ শস্য     ক) গৰুৰ খাদ্য 

ii) ৰবি শস্য         খ) ইউৰিয়া আৰু ছুপাৰ ফচফেট

iii) ৰাসায়নিক সাৰ গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰু গোবৰ                                গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট 

iv) জৈৱিক সাৰ     ঘ) ঘেঁহু, বুট, মটৰ মাহ

                             ঙ) ধান আৰু যৱ


৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

ক) খাৰিফ শস্য: ধান আৰু মাকৈ 

খ) ৰবি শস্য : ঘেঁহু আৰু মটৰ মাহ


৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।

ক) মাটি চহোৱা: যিকোনো খেতি কৰাৰ প্ৰথম কামেই হৈছে মাটি চহোৱা বা হাল বোৱা । টান হৈ থকা মাটি চহাই ঢিলা কৰিলেহে শস্যৰ শিপা তললৈ যাব পাৰিব। তাৰোপৰি ঢিলা মাটিত কেঁচু আৰু উপকাৰী অণুজীৱবোৰ বাস কৰে আৰু সিহঁতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। মাটিত হাল বালে মাটিত থকা উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য বোৰ মাটিৰ সকলো অংশতে মিহলি হয়। উদ্ভিদে তেতিয়া সহজেই এই পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে। সেয়েহে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ বাবে অতি প্ৰয়োজন।


খ) বীজ সিঁচা: মাটি চহোৱাৰ পিছৰ কাম হৈছে বীজ সিঁচা। বীজ সিঁচা শস্য উৎপাদনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম । বীজ সিঁচাৰ আগতে উন্নত মানৰ বীজ বাছি ল'ৱ লাগে। উন্নত মানৰ বীজ সাধাৰণতে চাফাকৈ তথা ভাল সঁচৰ পৰা গোটোৱা হয়। তেতিয়াহে অধিক উৎপাদন হোৱাৰ আশা থাকে। 


গ) বনবাত নিৰোৱা: খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিক ভাবেই কিছুমান উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদক অপতৃণ বোলে। খেতি পথাৰত এই অপতৃণ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে। যিহেতু অপতৃণৰো শস্যৰ সমানে পানী‌ , পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে অপতৃণ নিৰোৱা অতি প্ৰয়োজন। নহ'লে অপতৃণে শস্য চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰে আৰু তাৰে কিছুমান প্ৰাণী আৰু মানুহৰ বাবে বিষাক্ত হ'ব পাৰে। খেতিয়কে অপতৃণ নিৰাবলৈ বিভিন্ন পদ্ধতি হাতত লয়। মাজে চাফা কৰি থকা, ওঘালি পেলোৱা, অপতৃণনাশক ব্যৱহাৰ কৰা ইত্যাদি।


ঘ) মৰণা মৰা: ঘৰত মৰণা মৰা আমি সকলোৱে দেখিছোঁ। গৰু , টেক্টৰে মৰণা মৰা হয়। শস্য চপোৱাৰ পাছত শস্যৰ বীজবোৰ শীহ্‌ আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াকে মৰণা মৰা বুলি কোৱা হয়।


৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা।

উত্তৰ: 



৬) জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰ: সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানীৰ যোগান ধৰাকে জলসিঞ্চন বোলে।

পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ পদ্ধতি দুটা হ'ল -

       ১। পানী ছটিওৱা ব্যৱস্থা আৰু

       ২।পানী নিৰোৱা ব্যৱস্থা ।


৭। বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব ? আলোচনা কৰা।

উত্তৰ:- ঘেঁহু হ'ল শীতকালত কৰা ৰবি শস্য । ৰবি শস্যৰ বাবে পানীৰ আৱশ্যক কম। আনহাতে বাৰিষা কালত খাৰিফ শস্য কৰা হয়। বাৰিষাত যথেষ্ট পৰিমাণৰ বৰষুণ হয়। ঘেঁহু শস্যৰ বাবে যথেষ্ট পৰিমানৰ পানীৰ প্ৰয়োজন নহয় । পানী থকা ঠাইত ঘেঁহু খেতি কৰা নাযায় সেয়েহে বৰ্ষা ঋতুত ঘেঁহু খেতি কৰিব পৰা নাযায়।


৮। একে লেথাৰিয়ে শস্য উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।

উত্তৰ:- মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰৱ্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পোষক দ্ৰব্যৰ অতি প্ৰয়োজন। একেদৰা মাটিত একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰি থাকিলে মাটি ডৰাৰ পোষক দ্ৰব্য কমি যায়। ফলত শস্য উৎপাদনত বাধা জন্মে।


৯।অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি।

উত্তৰ:- খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে অপ্ৰয়োজনীয় উদ্ভিদ গজে এই অনাৱশ্যকীয় উদ্ভিদ সমূহকে অপতৃণ বোলে।

অপতৃণ নিয়ন্ত্ৰণৰ উপায় :

১। শস্যৰ বীজ সিচাৰ আগতে অপতৃণসমূহক উভালি পেলাব লাগে।

২। অপতৃণ নিয়ন্ত্ৰক কৰিবলৈ অপতৃণনাশক দ্ৰৱ্য ব্যৱহাৰ কৰা প্ৰয়োজন।


১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।

ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

খ) জলসিঞ্চন ।

গ) খেতি চপোৱা ।

ঘ) বীজ সিঁচা/ ৰোৱা ।

ঙ) মাটি চহোৱা ।

চ) পথাৰত হাল বোৱা ।

ছ) সাৰ প্ৰয়োগ ।

উত্তৰ:- ক) পথাৰত হাল বোৱা ।

খ) মাটি চহোৱা ।

গ) বীজ সিঁচা/ ৰোৱা ।

ঘ) সাৰ প্ৰয়োগ ।

ঙ) জলসিঞ্চন ।

চ) খেতি চপোৱা ।

ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।


১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।

পথালিকৈ 

১)  গুটি ।

৪)   মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া ।

তললৈ 

২) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।

৩) শীত কালত খেতি কৰা শস্য ।

৫) এবিধ ৰাসায়নিক সাৰ ।

৬) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।



ধন্যবাদেৰে

টীম জ্ঞানাংকুৰ







Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();