ভূ আকৃতিক প্ৰক্ৰিয়া Geomorphic Process

 প্ৰাকৃতিক ভূগোল
ভূ আকৃতিক প্ৰক্ৰিয়া


১) স্থলাকৃতি (Landform) বুলিলে কি বুজা?

উত্তৰ: পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পৰ্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ব আছে, ঠিক তেনেকৈ মহাসাগৰৰ বুকুতো বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। পৃথিৱীৰ উপৰিভাগৰ এই বৈচিত্ৰপূৰ্ণ অৱয়ববোৰকে স্থলাকৃতি (Landform) বুলি কোৱা হয়।


) ভূ-আকৃতিক বিজ্ঞানৰ(Geomorphology) সংজ্ঞা দিয়া।

উত্তৰ: ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰা হয় সেই শাখাক ভূ-আকৃতিক বিজ্ঞান (Geomorphology) বুলি কোৱা হয়।


৩) ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।

উত্তৰ: স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া (Geomorphic process) বোলা হয়। উদাহৰণ স্বৰূপে বাহ্যিক প্ৰক্ৰিয়া যেনে বৰষুণ, বতাহ, নদী, হিমবাহ আদি আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া যেনে ভূমিকম্প, আগ্নেয়গিৰী ৰ ফলত বিভিন্ন স্থলাকৃতি সৃষ্টি হয়।


৪) বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰ: বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত বৰষুণ, বতাহ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি পৰে।


৫) অবনমন (Deflation) বুলিলে কি বুজা?

উত্তৰ: মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি , ক্ষুদ্ৰ শিল আদি দূৰলৈ নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিক ভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অবনমন (Deflation) বোলে।


৬) ইনছেলবাৰ্গ কি ছবি আঁকি দেখুওৱা।

উত্তৰ: ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। 

মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয়। এই অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমি ত ইনছেলবাৰ্গৰ সৃষ্টি হয়।


) মৰূদ্যান কাক বোলে? ইয়াৰ তাৎপৰ্য কি?

উত্তৰ: মৰুভূমিত বতাহৰ অবনমন (Deflation) কাৰ্যৰ ফলত মৰুপৃষ্ঠৰ একো-একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ (Groundwater) জলৰাশিৰ সংস্পৰ্শত আহি তেনে অবনমিত অংশত পানী জমা হয়। কালক্ৰমত তেনে পানী জমা হোৱা অবনমিত অংশৰ চাৰিওকাষে সেউজ আৱৰণৰ সৃষ্টি হয়। মৰুভূমিৰ এনে পানী থকা সেউজ আৱৰণযুক্ত অৱনমিত অংশকে মৰুদ্যান বোলা হয়।

মৰুদ্যানৰ তাৎপৰ্য এয়ে যে মৰুদ্যান এনে এক স্থান য'ত কিছু পৰিমাণৰ উদ্ভিদ থাকে আৰু তাত খেতি বাতিও অলপ অচৰপ কৰিব পাৰি।


) বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ: বালিয়াৰি হৈছে মৰুভূমিত বতাহে ধূলি বালি কঢ়িয়াই আনি জমা কৰা এক ওখ পাহাৰ। 

মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি, বালি, শিলবোৰ য'ত জমা হয় সেই অংশ ক্ৰমে ওখ হ'বলৈ ধৰে। এনেদৰে জমা হোৱা ধূলি বালিবোৰ শেষলৈ পাহাৰৰ ৰূপ লয়। প্ৰধানকৈ বালিৰে গঠিত হোৱাৰ কাৰণে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ (Sand Dune) বোলে।


) অপঘৰ্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

উত্তৰ: মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয়।

ইয়াৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ, ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি হয়।


১০) সংনিঘৰ্ষণৰ অৰ্থ লিখা।

উত্তৰ: সংনিঘৰ্ষণ হ'ল বতাহে সৃষ্টি কৰা এক ঘৰ্ষণজনিত প্ৰক্ৰিয়া। বতাহৰ দ্বাৰা পৰিবাহিত শিল বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয় অৰ্থাৎ পৰিবাহিত হৈ থকা অৱস্থাতে সেইবোৰৰ মাজত খুন্দা খুন্দি লাগে। ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয়। এইদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিঙি টুকুৰা টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলে।


১১) হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?

উত্তৰ: পৃথিৱীৰ যিবোৰ ঠাইত চিৰতুষাৰ জমা হৈ থাকে যেনে হিমালয়, আল্পছ পৰ্বতমালা ,সেইবোৰ ঠাইৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তলৰ ফাললৈ বৰফৰ স্তুপ লাহে লাহে গতি কৰাকে হিমবাহ বুলি কোৱা হয়।

হিমবাহৰ আকাৰ বহুত বিশাল আৰু ই এফালে জমা হৈ থকা বৰফস্তুপৰ প্ৰবল হেঁচা আৰু আনফালে মধ্যাকৰ্ষণৰ শক্তিৰ ফলত হিমবাহৰ গতি অতি ধীৰ হয়।


১২) হিমবাহ কেই প্ৰকাৰৰ? প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: হিমবাহ তিনি প্ৰকাৰৰ

 ক) মহাদেশীয় হিমবাহ

 খ) পাৰ্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ

 গ) গিৰিপদ বা শৈলপদী হিমবাহ

 

ক) মহাদেশীয় হিমবাহ: মহাদেশীয় হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকা জুৰি বিস্তৃত হৈ আছে। এই হিমবাহবোৰে ভূপৃষ্ঠৰ ভাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। এই হিমবাহবোৰ উত্তৰ কানাডা, গ্ৰীণলেণ্ড , এণ্ট্ৰাৰ্কটিকাত পোৱা যায়।

) পাৰ্বত্য হিমবাহ: এই হিমবাহ সুউচ্চ পৰ্বতৰ উচ্চাংশত পোৱা যায়। সাধাৰণতে পাৰ্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহ কৈ যথেষ্ট বেছি। হিমালয় পৰ্বতমালা, আল্পছ পৰ্বতমালা আদিত এই হিমবাহ দেখিবলৈ পোৱা যায়।

) গিৰিপদ হিমবাহ: কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতি-কাষৰীয়া নিম্নভূমিত বিয়পি পৰে। পৰ্বতৰ পাদদেশত সৃষ্টি হয় বাবে এনে হিমবাহক গিৰিপদ হিমবাহ বা শৈলপদী হিমবাহ বোলে। উত্তৰ আমেৰিকাৰ আলাস্কাত এই হিমবাহ দেখিবলৈ পোৱা যায়।


১৩) হিমবাহ উপত্যকাৰ আকৃতিৰ ছবি আঁকি দেখুওৱা।


১৪) ওলোমা উপত্যকা কি লিখা।

উত্তৰ: ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। সাধাৰণতে মূল নদীলৈ উপনদী বোৰ বৈ যোৱাৰ দৰে মূল হিমবাহলৈও উপ হিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপ হিমবাহ বোৰ সৰু আৰু কম দ। সেই বাবে য'ত উপ হিমবাহ মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণতে উপ হিমবাহৰ উপত্যকা ওলমি থকা যেন লাগে। সেয়ে উপ হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়।


১৫) গ্ৰাব কি? ই কেই প্ৰকাৰৰ? চিত্ৰ আঁকি গ্ৰাবৰ অৱস্থান দেখুওৱা।

উত্তৰ: কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰেও অন্য কিছুমান পদাৰ্থ‌ও কঢ়িয়াই আনে। সেইবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলে।

গ্ৰাব চাৰি প্ৰকাৰৰ

১) পাৰ্শ্ব গ্ৰাব

২) ভূমি গ্ৰাব

৩) মধ্য গ্ৰাব

৪) প্ৰান্ত বা অন্তিম


১৬)  গোলকীয় উষ্ণতা বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।

উত্তৰ: গোলকীয় উষ্ণতা বৃদ্ধি হ’ল মানব সৃষ্ট গ্রীনহাউছ গেছৰ নিৰ্গমন আৰ, সৌৰজ্যোতিৰ পৰিবৰ্তন। যাৰ ফলত পৃথিবীৰ ভূতল আৰু সমুদ্রপৃষ্ঠৰ গড় উচ্চতা বৃদ্ধি পায়।

হিমবাহবোৰে বৃহৎ পৰিমাণৰ পানী ধৰি ৰাখে। পৃথিবীৰ অধিকাংশ লোক পাহাৰ-পৰ্বতৰ পৰা বৈ অহা নৈ, জান, জুৰিৰ পানীৰ ওপৰত নিৰ্ভৰশীল। এছিয়াৰ সাতখন বৃহৎ নদী গংগা, ব্ৰহ্মপুত্র, সিন্ধু, চালয়ুইন, মেকং, ইয়াংচি আৰু হোৱাংহোৰ উৎসস্থল হ’ল হিমালয়। মাত্র ভাৰততে প্রায় ৫০ কোটি মানুহ গংগা আৰু ইয়াৰ উপনদীসমূহৰ পানীৰ ওপৰত নিৰ্ভৰশীল। হিমবাহ গলিলে বাঢ়নী পানী নদীৰে সাগৰলৈ লৈ যায়। হিমবাহবোৰ গ্ৰীষ্মকালত সম্পূর্ণ গলি গ’লে শুকান ঋতুত মাথোঁ শুকান নদীহে থাকিব, যাৰ ফলত উদ্ভব হ’ব পৰা পৰিস্থিতি সহজেই অনুমেয়।

 সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তুপবোৰ গলি যাব। ফলত সমুদ্ৰ পৃষ্ঠ ওপৰলৈ উঠি আহিব। তেনে অৱস্থাত সাগৰ-মহাসাগৰত থকা বহু দ্বীপৰ লগতে বাংলাদেশ, ব্রহ্মদেশ, নিউজিলেণ্ড আদি দেশ পানীৰ তলত ডুব যাব। ফলত মানৱ জাতিৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব।


ধন্যবাদেৰে

Team জ্ঞানাংকুৰ

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();