শৰণ
যাদৱ যদুনন্দন মাধৱ মধুসুদন ।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ
তোমাত লৈলো শৰণ।।
ইবাৰ কৰুণাময় হৰি
কমলাপতি
মোৰে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণতলে হৰি
কমলাপতি
সত্যে সত্যে পশিলো শৰণ।।
হৰি চৰণত শৰণ লৈলো
এ হৰি নাৰায়ণ ।
মানৱী জনম সাফল কৈলো এ হৰি নাৰায়ণ ।।
গোপাল গোবিন্দ যদুনন্দন ।
কৃষ্ণৰ চৰণে লৈলো শৰণ।।
0 Comments