তাৎপৰ্য্য
কৰুণাময় ৰাম কৰুণাময়।
কৰিয়ো কৃপা যেন উচিত হয়।।
তুমিসে ৰাম কৃপাৰসেৰ নিধি।
তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি।।
তোমাৰ কৃপাকেসে কৰিছো আশ।
অৰুণ পদতলে দিয়োক বাস।।
সহজে তুমি ৰাম কৰুণাসিন্ধু।
তোমাত বিনে আন নাহিকে বন্ধু।।
তোমাৰ কৃপালেশে আমাৰ গতি।
কহয় মাধৱ মুৰুখমতি।।
0 Comments