কাকুতি



                  কাকুতি

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।।
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাও ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণনাম ভকতি প্ৰদীপ চাও ৰাম ৰাম।।
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞানশূন্য হীনমতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপাৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদছায়া তলে ঠাই ৰাম ৰাম।।

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();