বস্তু-প্ৰকাশ
হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰক্ষ্মাণ্ডক ভেদি।।
গোবিন্দৰ প্ৰেম
অমৃতৰ নদী
বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা
হৰিনাম মূল ধাৰা।।
হৰিভক্তি দান দিয়া
জগতক
তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু শংকৰ বিনাই
নাহি নাহি আৰ বন্ধু।।
হৰি ভকতিৰ পাতিলন্ত হাট
শংকৰে জগত জুৰি।
ৰাম নাম ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী।।
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনায় নাই নাই নাই
আমাৰ পৰম গুৰু।।
--শ্ৰী শ্ৰী মাধৱ দেৱ
0 Comments