ভজন
মুক্তিতো নিস্পৃহ যিটো
সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।
নমস্কাৰ
মৎস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ
আকৃতি
ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম।।
------ শ্ৰীশ্ৰী মাধৱদেৱ(নামঘোষা)
------ শ্ৰীশ্ৰী মাধৱদেৱ(নামঘোষা)
0 Comments