প্ৰাৰ্থনা
ব্ৰক্ষ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম
মায়াশয্যা মাজে আশ্ৰয় ঘূমতি যাই।
তুমিসে চৈতন্য সনাতন
ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।।
ক্ষুদ্ৰ সুখে বহু আশা কৰি
ভৱকূপে জীৱ আছে পৰি
কালসৰ্পে দংশি হৰিল চেতন তাৰ।
মোক্ষ ৰূপ তযু বাক্যামৃত
কৃপায়ে সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে
গজেন্দ্ৰ পীয়াক পায়া পাছে
আকাশে গৰুড় কন্ধে চক্ৰ
ধৰি হৰি।
দেখি সুৱৰ্ণৰ পদ্ম ধৰি
বোলে দুঃখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।
2 Comments
good job
ReplyDeleteBest ..good
ReplyDelete