তুতি


তুতি

বসুদেৱ নিগদতি হাসি   সাক্ষাতে বিদিত ভৈলা আসি
তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ।
সমস্ত জীৱৰ বুদ্ধি সাক্ষী   কেৱলে আনন্দ অনুভৱ
স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ।।
হে কৃষ্ণ যত জীৱ নিত্য   তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ তাপত পৰি আছয়।
তযু পদ শ্বেতছত্ৰ প্ৰায়   অমৃত বৰিষে সৰ্ব্বদায়
তাৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয়।।
বলি নিগদতি যদুপতি    ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰো দুৰ্ল্লভ আতিশয়   ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ।।
---- শ্ৰীশ্ৰীমাধৱদেৱ

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();