খেদ
কালগ্ৰস্ত হুয়া ভৈলো অচেতন
বয়স গোৱাইলো হেলে।
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
হৰিভকতৰ মেলে।।
তুমি নিত্য নিৰ- ঞ্জন
নাৰায়ণ
আমিও অংশ তোক্ষ্মাৰ।
তযু সেৱাচোৰ পায়া
মহামায়া
মুহিলে মন আক্ষ্মাৰ।।
কিনো অপৰাধ কৰি
আছো আমি
মাধৱ বান্ধৱ প্ৰাণ।
নাম ধৰি ডাকো
হিয়াত থাকিয়া
কেনে নেদা সমিধান।।
---- শ্ৰীশ্ৰীমাধৱদেৱ
0 Comments