শৰণ


শৰণ

মঞি দুৰাচাৰ       কেৱলে তোক্ষ্মাৰ
অপৰাধী নাৰায়ণ
ক্ষমিয়োক হৰি      লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।।
হে কৃষ্ণ স্বামী       তযু পাৱে আমি
কেৱলে শৰণ চাঞো।
কৰা অনুগ্ৰহ           মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাঞো।।
হে যদুপতি            মঞি মূঢ়়মতি
নজানো সেৱা তোক্ষ্মাৰ।
কেৱল তোক্ষ্মাৰ        চৰণপঙ্কজে
শৰণ কৰিলো সাৰ।।
পুৰুষ উত্তম              পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদপদ্ম         মকৰন্দ আশে
শৰণ পশিলো আমি।।
প্ৰভু ভগৱন্ত             অনন্ত ঈশ্বৰ
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম      পৰম দেৱতা
জানিয়া লৈলো শৰণ।।
------  শ্ৰীশ্ৰী মাধৱদেৱ(নামঘোষা)

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();