মহাবীৰ লাচিত বৰফুকনৰ জীৱনী (চমুকৈ)

 মহাবীৰ লাচিত বৰফুকনৰ জীৱনী (চমুকৈ)


           যাৰ নাম শুনিলে আজিও প্ৰতিজন অসমীয়াৰ তেজে তেজে বীৰত্বৰ সোঁত বয়। আজিও প্ৰতিজন অসমীয়াই সাহসৰ প্ৰতীক বুলি কয় , অসীম সাহস, পৰাক্ৰমী যুদ্ধা, সুনিপুন ৰণ পৰিচালক, প্ৰগাঢ় দেশপ্ৰেম, নিস্বাৰ্থ  কৰ্ম নিপুণতা, ইত্যাদি সকলো গুণৰ অধিকাৰী আছিল তেওঁ। তেখেতেই হৈছে মহাবীৰ লাচিত বৰফুকন। এই ৰচনাত অতি চমুকৈ লাচিত বৰফুকনৰ বিষয়ে লিখা হৈছে। 


          মহাবীৰ লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে বৰ বিশেষ তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬১২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি জনা যায়। তেওঁৰ পিতৃ আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ কণিষ্ঠ পুত্ৰ। লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ লোক।


            লাচিত বৰফুকন ল’ৰালিকালৰে পৰাই আছিল অতি সাহসী। সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা আৰু স্পষ্টবাদিতাৰ দৰে গুণবোৰ লাচিতে সৰুতেই পিতাক মোমাই তামুলীৰ পৰা আহৰণ কৰিছিল।

             লাচিত একেদিনাই আহোম ৰাজ্যৰ বৰফুকন পদবীত অধিষ্ঠিত হোৱা নাছিল। বহু কষ্ট তথা অধ্যৱসায়ৰ বলতহে তেওঁ আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদ অধিকাৰ কৰিছিল।


            লাচিত প্ৰথমে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ “হাঁচতিধৰা তামুলী”ৰ পদত নিযুক্তি লাভ কৰিছিল। এই পদটো ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ বুলি জনা যায়। ৰাজমন্ত্ৰীৰ লগত তেওঁ ৰজাৰ পাত্ৰ-মন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব পাৰিছিল। এইটোৱেই আছিল আহোম ৰাজ্যৰ ৰাজনীতিত লাচিতৰ প্ৰথম প্ৰৱেশ। তাৰপাছৰ পৰাই লাচিতে দোপতদোপে উন্নতিৰ জখলা বগাই আগুৱাই গৈছিল।


             আহোম স্বৰ্গদেউ লাচিতৰ কাৰ্যত প্ৰসন্ন হৈছিল আৰু পাছত ৰজাই লাচিতক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। তাৰপাছতেই শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া হিচাপে লাচিতে শিমলুগুৰিয়া ফুকনৰ পদবীত নিযুক্তি লাভ কৰিছিল। কিছুদিনৰ পাছতেই লাচিতে দোলাকাষৰীয়া বৰুৱাৰ পদবী লাভ কৰে। দোলাকাষৰীয়া বৰুৱাই ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰিছিল। এই পদৰ বাবে লাচিত এজন উপযুক্ত ব্যক্তি আছিল।


            লাচিতৰ গুণবোৰলৈ লক্ষ্য কৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক আহোমৰ প্ৰধান সেনাপতি পদত নিযুক্তি দিবলৈ মন মেলিলে। বৰফুকন পদবীত নিযুক্তি পোৱাৰ সময়ত লাচিত আহোম ৰাজ্যৰ দোলাকাষৰীয়া বৰুৱা পদবীত আছিল।


           মিৰজুমলাই অসম আক্ৰমণ কৰোঁতে আহোম সৈন্য মিৰজুমলাৰ হাতত পৰাস্ত হৈছিল। পৰাস্ত হলেও কিন্তু লাচিতে দিখৌমুখত সাহসেৰে মিৰজুমলাৰ সৈন্যবাহিনীৰ বিৰুদ্ধে যুদ্ধ দিছিল।

          বৰফুকন পদত অধিষ্ঠিত হৈয়েই লাচিতে দেশৰ সৈন্য সংগঠনত গুৰুত্ব দিছিল। ১৬৬৭ খ্ৰীষ্টাব্দৰ বাৰিষাৰ আগতেই আহোমৰ যুদ্ধ প্ৰস্তুতি সমাপ্ত হয়। ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায়। ১৬৬৭ চনৰ ২০ আগষ্টত আহোমে গুৱাহাটী উদ্ধাৰৰ বাবে মোগলক আক্ৰমণ কৰে। কলিয়াবৰৰ পৰা আহোম সৈন্য দুভাগত বিভক্ত হৈ গুৱাহাটী অভিমুখে গ’ল। লগতে কলিয়াবৰৰ পৰা থকা মোগল সৈন্য কোঠসমূহ ধ্বংস কৰি গ’ল।ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱালে। ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰিলে। চৈয়দ চানা আৰু ফিৰোজ খাক আহোম সৈন্যই বন্দী কৰিলে। ভালেমান মোগল সৈন্যৰ এই আক্ৰমণত মৃত্যু হ’ল। আহোম সৈন্যই বহুতো অস্ত্ৰ-শস্ত্ৰকে ধৰি আন বহুতো সামগ্ৰী অধিকাৰ কৰিলে। মিৰজুমলাই বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যকো মোকলাই আনিবলৈ সক্ষম হ’ল।






               ১৬৬৯ খ্ৰীষ্টাব্দত আহোম-মোগলৰ মাজত আলাবৈৰ ৰণ সংঘটিত হৈছিল। লাচিত বৰফুকনে এই ঠাইত ৰণত লিপ্ত হ’ব বিচৰা নাছিল যদিও স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশমৰ্মে ৰণত নামিবলৈ বাধ্য হৈছিল। আৰু এই ৰণ আহোমৰ বাবে এক ধ্বংসাত্মক কাৰ্য হিচাপে বিবেচিত হৈছিল। এই ৰণত একেদিনাই আহোমৰ দহ(১০)হাজাৰ সৈন্য ৰণত পৰিছিল। প্ৰধান সেনাপতি লাচিত বৰফুকন এই ৰণৰ পাছত বিচলিত হৈছিল কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাঞিৰ সাহসত লাচিত পুনৰ দুগুণ স্পৃহাৰে ৰণৰ প্ৰস্তুতিত জঁপিয়াই পৰিছিল।

             ১৬৬৭ চনৰ ১৯ ডিচেম্বৰত, মোগল সম্ৰাট ঔৰংগজেৱক মোগলৰ পৰাজয়ৰ কথা জনোৱা হয়। লগে লগে তেওঁ ৰাজা ৰাম সিংহক গুৱাহাটী পুনৰ দখল কৰিবলৈ আদেশ দিয়ে। ১৬৬৭ চনৰ ২৭ ডিচেম্বৰত ৰাম সিংহই দিল্লী এৰে আৰু ১৬৬৯ চনৰ ফেব্ৰুৱাৰীত ৰঙামাটিত উপস্থিত হয়। ইয়াত গুৱাহাটীৰ পূৰ্বৰ ফৌজদাৰ ৰছিদ খাঁ আৰু শিখ গুৰু টেগ বাহাদুৰ-এ পাটনাৰ পৰা সহায় আগবঢ়ায়। ঔৰংগজেৱে এই দলৰ লগত ৩০,০০০ পদাতিক সৈন্য, নিজৰ সৈন্য বাহিনীৰ সৈতে ২১জন ৰাজপুত বিষয়া, ১৮,০০০ অশ্বাৰোহী সৈন্য, ২,০০০ ধনুৰ্ধৰ আৰু ৪০খন জাহাজ লগত যোগ দি আহোম ৰাজ্য দখল কৰিবলৈ পঠিয়ায়।

            আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকন সেইসময়ত টান নৰিয়াত। প্ৰধান সেনাপতিৰ যুদ্ধক্ষেত্ৰত অৱৰ্তমানত আহোম সৈন্য চেদেলি-ভেদেলি হ’ল। আহোম সৈন্যই 

            ৰণভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল। কিন্তু সেইসময়ত লাচিত বৰফুকনৰ দেশপ্ৰেমী মনোভাৱে সকলো অসমীয়া সৈন্যক ৰণক্ষেত্ৰলৈ ঘূৰাই আনিলে। 

লাচিত বৰফুকনে কৈছিল, “মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰি মই কাপুৰুষ নহওঁ। চিলা পৰ্বতৰ ওপৰত চাৰি কড়া মাটি কিনি থৈছোঁ তাতে মোক মৈদাম দিবি। "


             মোগলৰ সৈতে যুদ্ধ প্ৰস্তুতি কিছু দায়িত্ব নিজ মোমায়েকক বিশ্বাসত অৰ্পণ কৰিছিল৷ মুখে মুখে বাগৰি আহি থকা প্ৰবাদ মতে লাচিতে মোমায়েকৰ নেতৃত্বত এদল সেনাক যুদ্ধৰ কিছু দিন পূৰ্বে এটি গড় বান্ধিবলৈ দিছিল৷ লাচিতৰ হুকুম মানি দিন-ৰাত একাকাৰ কৰি সেনাই গড় বান্ধিছিল৷ অন্তিম দিনটোত গড় পৰিদৰ্শন 

কৰিবলৈ আহি লাচিতে মোমোয়েকক ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি শিৰচ্ছেদ কৰা বুলি প্ৰবাদ আছে৷ গড় নিৰ্মাণৰ কাম আগবঢ়াব নোৱাৰাৰ বাবেই তথা কৰ্তব্যত হেলা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ পিছত সেন্যই 

একে নিশাই গড়ৰ নিৰ্মাণ কৰিছিল।


             ১৬৭১ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা শৰাইঘাটৰ যুদ্ধত অত্যুৎসাহী অসমীয়া সৈন্যই মোগলক সম্পূৰ্ণৰূপে তচনচ কৰি লজ্জাজনক ভাৱে পৰাস্ত কৰে । শৰাইঘাটৰ যুদ্ধ প্ৰকৃতাৰ্থত অসমীয়া সৈন্যৰ প্ৰভুত্ব প্ৰতিষ্ঠাৰ হকে এখন নৌ-যুদ্ধ আছিল । মোগলৰ বিশাল নাওঁৰ বিপৰীতে আহোম সৈন্যৰ আছিল সৰু সৰু নাওঁ । তথাপি আহোম সৈন্যই সৰু সৰু নাওঁ বোৰ শাৰী বদ্ধ কৰি বিশাল ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ সংযোগ কৰি একোখন উন্নত মানৰ দলঙৰ দৰে গঢ়ি তোলে আৰু সমস্ত সৈন্য বাহিনীক দুটা ভাগত বিভক্ত কৰি প্ৰথম টোৱে আগফালৰ আৰু আনটোৱে পিছফালৰ পৰা আক্ৰমণ আৰম্ভ কৰে । 


              এটা সময়ত মহাবীৰ লাচিত বৰফুকন আহি যুদ্ধৰ নেতৃত্ব লবলৈ আগবাঢ়ি আহে । আহোম সৈন্য বাহিনীৰ মনত হৃত সাহস আৰু শক্তি পুনৰ দুগুণে জগাই তুলি তেওঁৰ সুদক্ষ আৰু কৌশলী নেতৃত্বত অৱশেষত এক যুগান্তকাৰী বিজয় নিশ্চিত কৰে ।


                শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছতেই ১৬৭২ খ্ৰীষ্টাব্দৰ ২৫ এপ্ৰিলত লাচিত বৰফুকনৰ মৃত্যু হয়। তেওঁক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।


লাচিত দিৱস উদযাপন 

এইজন মহান বীৰৰ সোঁৱৰণত অসমত প্ৰত্যেক বছৰে ২৪ নৱেম্বৰ দিনটোত লাচিত দিৱস হিচাপে পালন কৰা হয় ।


প্ৰিয় বন্ধুসকল, তোমালোকে আমাৰ Youtube channel Jnanangkur The learning hub, লৈ গৈ লাচিত বৰফুকনৰ জীৱনী বিষয়ে চাব পাৰিবা।



ধন্যবাদ।।

Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();