সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা


      ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক ইত্যাদি সকলো ক্ষেত্ৰতে বেজবৰুৱাৰ অৱদান অমূল্য।

জন্ম:

       লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ এটা সুন্দৰ কাহিনী তেখেতে 'মোৰ জীৱন সোঁৱৰণ' (আত্মজীৱনী)ত লিখি থৈ গৈছে।

        লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। এবাৰ লক্ষ্মীনাথ বেজবৰুৱৰ পিতৃ দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই লক্ষ্মীনাথ বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ খ্ৰীষ্টাব্দ, নৱেম্বৰ মাহ। আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাস্থ হ’লোঁ" বুলিহে উল্লেখ কৰিছে।


শিক্ষা:

         বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দত প্ৰৱেশ পৰীক্ষাত পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল। প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে। দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয়। ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল। অধ্যাপকে দিয়া ক্লাছৰ লেক্‌চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল। কিন্তু শেষত পুনৰ কলিকতালৈ গৈ চিটি কলেজত পঢ়া-শুনা কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেমব্লী কলেজৰ পৰা বেজবৰুৱাই বিএ পাছ কৰে। 


বৈবাহিক জীৱন:

          বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয় । প্ৰজ্ঞাসুন্দৰী আছিল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা-জী৷


সাহিত্যিক অৱদান:

          বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। পাছত তেওঁ ১৯০৯ চনত 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে। বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল। 

       লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ পথ-প্ৰদৰ্শক বা জনক বুলি ক'ব পাৰি।বেজবৰুৱাদেৱৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প হৈছে ‘সেউতী’। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পৰ পুথি চাৰিখন। তাৰে তিনিখন পুথি যথাক্ৰমে ‘সুৰভি’, ‘সাধুকথাৰ কুকি’ আৰু ‘জোনবিৰি’ তেওঁৰ জীৱিতকালতে প্ৰকাশ পায়৷ আনহাতে মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ গল্পৰ পুথিখন হৈছে ‘কেহোঁকলি’। 

       লক্ষ্মীনাথ বেজবৰুৱাই শিশু-কিশোৰৰ উপযোগী হোৱাকৈও বহুতো সাধু একগোট কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত সাধুকথাৰ পুথি তিনিখন হৈছে ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ আৰু ‘জুনুকা’।

        তেখেতৰ দ্বাৰা লিখিত কবিতাপুথি কদমকলি ১৯১৩ চনত প্ৰকাশিত হৈছিল। বেজবৰুৱাৰ দ্বিতীয়খন কবিতাপুথি পদুমকলি৷ এইখন প্ৰকাশিত হয় তেখেতৰ মৃত্যুৰ পাছত, ১৯৬৮ চনত।

       লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকক ধেমেলীয়া(প্ৰহসন) আৰু বুৰঞ্জীমূলক শাখাত দ্বিবিভক্ত কৰিব পাৰি৷ লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি তেখেতৰ দ্বাৰা লিখিত প্ৰহসন৷ আনহাতে বুৰঞ্জীমূলক নাটকেইখন হৈছে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।

        দন্দুৱা দ্ৰোহৰ পটভূমিত বেজবৰুৱাই ১৮৯১ চনত 'পদুম কুঁৱৰী' নামৰ উপন্যাসখন লিখিছিল৷ এইখন হৈছে বেজবৰুৱাৰ একমাত্ৰ উপন্যাস।

        অসমীয়া হাস্য-ব্যংগ সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অসামান্য৷কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে ৰচনা কৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাস্য-বংগৰ সংকলনসমূহক ‘কৃপাবৰী ৰচনা’ হিচাপে নামকৰণ কৰা হৈছে। ৰচনা সমূহ হৈছে-কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি,বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম/দ্বিতীয় খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি।

         নিজ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন সম্পৰ্কে ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিতখন লিখি উলিয়ায়৷ ১৯১১ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজিৰ উল্লেখ আৰু বিৱৰণেৰে লক্ষ্মীনাথ বেজবৰুৱাই ১৯১১ চনত শংকৰদেৱ নামৰ এখন জীৱনী লিখিছিল। ইয়াৰ পিছত ১৯১৪ চনত তেখেতে শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ নামৰ জীৱনীগ্ৰন্থখন প্ৰকাশ কৰে।


উপাধি ও সন্মানসমূহ:

      অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' উপাধি দুটা প্ৰদান কৰিছিল৷ 

*অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) (গুৱাহাটী)

*অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন) (গুৱাহাটী)

*ৰসৰাজ উপাধি প্ৰদান (১৯৩১)

১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়।

 *ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান।

অসমৰ জাতীয় সঙ্গীত:

      ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা 'বাঁহী' আলোচনীত 'মোৰ দেশ' নামেৰে গীত এটি প্ৰকাশিত হয়৷ গীতটিৰ শিৰোনাম আছিল 'অ মোৰ আপোনাৰ দেশ'৷ ১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ গীতটি বেজবৰুৱাৰ 'কদম কলি' নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে৷ গীতটিৰ সুৰ কৰিছিল কমলাপ্ৰসাদ আগৰৱালা।

মৃত্যু: 

এইজনা মহান ব্যক্তিৰ মহাপ্ৰয়াণ ঘটে ১৯৩৮ চনত।

   ।।ধন্যবাদ।।


Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();