গুৰু ভটিমা
জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণ ৰেণু শতকোটি
বাৰেক কৰোহোঁ প্ৰণাম ।।
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
যৈচন সুৰ পৰকাশ ।
সকল সভাসদ ৰঞ্জন যাকেৰি
দৰশনে পাপ বিনাশ ।।
বিনে অঙ্গভূষণ পেখি সুশোভন
গহীন গম্ভীৰ ধীৰমতি ।
আয়ত কমল নয়ন বৰ সুন্দৰ
বয়ন চান্দকহু জ্যোতি ।।
লীলা গজপতি গমন বিলোকন
বাণী মেঘ গম্ভীৰ ।
পাষণ্ড মৰ্দ্দন কলিকো কালে
যাকু সম নাহি ধীৰ।।
সোহি নাৰায়ণ মায়া বিস্তাৰি
কৰু ত্ৰিজগত নিৰমাণ ।
সনক সনাতন যোগী যাকেৰি
মহিমা কবহু নজান ।।
সকল চৰাচৰ পালনকাৰী
যো হৰি দেৱকো দেৱা ।
চতুৰ বয়ন শিৱ সুৰপতি যাকেৰি
কৰু নিত চৰণহি সেৱা ।।
চাৰি বেদ শিৰোমণি মাজে
যাকেৰি চৰণ বিকাশ ।
সোহি দেৱক কয়লি কলিকো
শংকৰদেৱ পৰকাশ ।।
ত্ৰিভুৱন বন্দন দৈৱকীনন্দন
যো হৰি মাৰল কংস ।
জগজন তাৰণ দেৱ নাৰায়ণ
শংকৰ তাকেৰি অংশ ।।
মায়া নৰতনু ধৰি হৰি ভকতি
কয়লি বহু পৰচাৰ ।
সৱ নৰ পাপ পয়োধি মজ্জল
তাহে কয়লি উদ্ধাৰ ।।
অৱনিশি চাৰি বেদ বিচাৰি
বেকত কৰু হৰিনাম ।
যাকেৰি বয়নে মিলাই গাই
পাই মনোৰথ কাম ।।
পণ্ডিত মানী বেদ বখানি
গৰৱ কয়লি সৱ চূৰ ।
গীত কৱিত্ব গুণ শংকৰদেৱৰ
কীৰিতি গয়ো বহুদুৰ ।।
শ্ৰীযশ দান মান ভূতদায়া
সৱগুণ সম্পন্ন ঠিক ।
ভকতক ভকতি দানে কৰু গুৰু
দায়া তনয় অধিক ।।
হৰিকহু মূৰুতি সুৰুতি মন মগন
মজ্জল আনন্দ সিন্ধু ।
ঐচন নিৰমল হৃদয়ে বিকশিত
ভকত কুমুদ কুল ইন্দু ।।
নিজ কুল তাৰি ভকতি বিস্তাৰি
বান্ধল হৰিগুণ সেতু ।
কলি যুগে পাপ পয়োধি সৱ নৰ
তাৰণ কাৰণ হেতু ।।
ভকতি ভাণ্ডাৰ দ্বাৰ সৱ ছোড়ি
মুকুতি কয়লি উদাস ।
এক শৰণ হৰি নাম ধৰমকহু
ৰাজা কৰু পৰকাশ ।।
কি কহৱ শঙ্কৰ দেৱৰ মহিমা
জানি জ্ঞানী অন্ত নপাই ।
যাকেৰি চৰণক ৰেণু শিৰে পৰশি
মুকুতি সুখ সুখে পাই ।।
মাধৱ দীন মুৰুখ মতি কহয়
বাণী শুন সৱ লোই ।
বিনে গুৰু চৰণ ভকতি ৰকতি
মুকুতি কবহু নহোই ।।
ওহি পৰম তত্ব বেদকো বাণী
জানি নৰ নকৰ বিৰাম ।
ধৰমক কৰমক গৰৱক ছোড়ি
ডাকি বোলহু ৰাম ৰাম ।।
0 Comments