তুমি চিত্ত বৃত্তি মোৰ
প্ৰৰ্ৱতক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া প্ৰভু ভগৱন্ত।।
তুমি মোৰ অন্তৰ্যামী তযু
ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লওঁ
যি মতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ।।
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি
চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ।।
নাজানোহো আৱাহন
নাজানোহো বিসৰ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ
দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত।।
1 Comments
Bohut bhal lage ei prarthona tu gale
ReplyDelete