ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনী

 ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনী 


জন্ম:

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে। তেওঁ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম সীতামা আছিল। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল।

শিক্ষা:
ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্ত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়
১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে।



কৰ্মজীৱন:
এগৰাকী শিক্ষক হিছাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱ্নৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-

দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক, ১৯২১-৩১;
অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২।
ইয়াৰ বাহিৰেও তেওঁ

মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান কৰে।


১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।


ৰচনা সমূহ:
The Ethics of the Vedanta and its Material Presuppoliton (1908);
The Philosophy of Rabindranath Tagor (1918);
The Reign of Religion in Contemporary Philosophy (1920);
Indian Philosophy (2 volumes 1923 and 1927);
The Hindu view of Life (1926); The religion we Need (1928);
Kalki or The Future of Civilization (1929);
An Idealist view of Life (1932);
East and West in Religion (1933),
Freedom and Culture (1936);
The Heart of Hinduism (1936);
My Search for Truth (Autobiography 1937)
Gautama the Buddha (1938);
Eastern Religion and Western Thought (1939);
Mahatma Gandhi (1939); India and China (1944);
Education, Politics and War (1944):
The Religion and Society (1947);
The Bhagavadgita (1948);
Great Indians (1949);
The Dhammapada (1950);
The Religion of the spirit and the Worlds Need (1952).

For YouTube video link 



https://youtu.be/IadVCh3dw68

https://youtu.be/IadVCh3dw68










Post a Comment

0 Comments

'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();